মমতাক মাছ খোৱাৰ প্ৰতিযোগিতাত অংশ লবলৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ
দ্য আছাম ভাইব
পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰথন প্ৰচাৰ অভিযান। একে দিনাই তিনিখন নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অভিযান। কালিম্পং, দিনহাটা, চিটাইত অনুষ্ঠিত সভাত অংশ লৈ মমতা বেনাৰ্জীক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অনুপ্ৰৱেশকাৰীৰে মমতা বেনাৰ্জীৰ ইলু-ইলু সম্পৰ্ক বুলি জনসভাত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ’লে মাছ, মাংস বন্ধ হ’ব বুলি মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জীক অসমলৈ মাতি মাছ খোৱাৰ প্ৰতিযোগিতাত অংশ ল’বলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।
অহা, ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত ৰাজ্যখনত মাৰাথন প্ৰচাৰ অভিযানত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰে বিজেপিক কিদৰে সহায় কৰে সেয়া লক্ষণীয় হব।

