লাডাখত অসমৰ বি এছ এফ জোৱানৰ কৰুণ মৃত্যু
দ্য আছাম ভাইব
লাডাখত প্ৰচণ্ড তুষাৰপাতৰ ফলত অসমৰ জোৱানৰ কৰুণ মৃত্যু। লাডাখত শিৱসাগৰৰ ১ নং চিন্তামণিগড় গাঁৱৰ BSF জোৱানজনৰ মৃত্যু ঘটে। আজি লাডাখৰ পৰা স্বগৃহলৈ নশ্বৰদেহ অনাৰ পাছতে শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয় গৃহভূমিত। ৰমেন বৰুৱাৰ নিথৰ দেহৰ কাষত কান্দোনত ভাগি পৰে পিতৃ-মাতৃ, পত্নী-পুত্ৰৰ লগতে আত্মীয়-স্বজন। ৰমেন বৰুৱাৰ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য।
১৮ এপ্ৰিলত লাডাখৰ তুষাৰাবৃত পাহাৰত শ্বহীদ হৈছিল অসমৰ জোৱান ৰমেন বৰুৱা। কৰ্মৰত অৱস্থাত প্ৰবল তুষাৰপাতৰ বাবে মৃত্যুক সাবটি লৈছিল BSF জোৱানগৰাকীয়ে। ৪ মে’ত ৰমেন বৰুৱা ঘৰলৈ অহাৰ কথা আছিল যদিও ঘৰলৈ অহাৰ পূৰ্বেই মৃত্যু সাৱটি লবলগীয়া হয় জোৱানজনে। ২০১২ চনত সেনাবাহিনীত যোগদান কৰিছিল বীৰ জোৱান ৰমেন বৰুৱাই। মৃত্যুৰ সময়ত ৰমেন বৰুৱাই এৰি থৈ যায় পিতৃ-মাতৃ, পৰিবাৰৰ লগতে দুটি পুত্ৰ সন্তানক।

