পেডেল মাৰি ৰাজ্যসভালৈ তেৰছ গোৱালা
দ্য আছাম ভাইব
পেডেল মাৰি ৰাজ্যসভালৈ তেৰছ গোৱালা। ৰাজ্যসভাৰ প্ৰথমটো দিনতে দৃষ্টি আকৰ্ষণৰ চেষ্টা তেৰছ গোৱালাৰ। যেন আন এখন নাটকৰ আৰম্ভণি। আগে-পিছে নিৰাপত্তাৰক্ষী লৈ সংসদ ভৱনত চাইকেল চলাই উপস্থিত হ’লগৈ তেৰছ গোৱালা।
আজি সদনত ৰাজ্যসভাৰ সাংসদ হিচাবে শপত ল’লে অসমৰ তিনিগৰাকী সাংসদে।NDAৰ নৱ নিৰ্বাচিত সাংসদ প্ৰমোদ বড়ো, যোগেন মহনৰ লগতে আজি গোপনীযতাৰ শপত ল’লে তেৰছ গোৱালাই। তেৰছ গোৱালাই চাইকেল চলাই ৰাজ্যসভালৈ যোৱাৰ কথাই লাভ কৰিছে বিশেষ চৰ্চা। বহুতেই এই ঘটনাক নাটক আখ্যা দিব খুজিছে। অৱশ্যে নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে ইয়াৰ আঁৰৰ কাৰণো ব্যাখ্যা কৰিলে নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে।
বিধায়ক হিচাবে প্ৰথমবাৰলৈ নিৰ্বাচিত হওঁতে তেঁও হেনো দৰমহাৰ টকাৰে এখন চাইকেল কিনিছিল। সেয়ে পুৰণি স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবেহে হেনো চাইকেল চলাই ৰাজ্যসভালৈ আহিছে তেৰছ গোৱালা।
পৰম্পৰাগত সাজ পৰিধান কৰি শপত ল’লে আটাইকেইগৰাকী নৱ নিৰ্বাচিত সাংসদে। বড়ো ভাষাত গোপনীয়তা ৰক্ষাৰ শপত ল’লে UPPL প্ৰধান প্ৰমোদ বড়োই। উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্য হিচাবে মাতৃভাষা অসমীয়াত শপত ল’লে যোগেন মহনে।
https://x.com/sansad_tv/status/2044652023946375256?s=20

