ক্রীড়া-জগত

কোহলি-ৰোহিত অনুৰাগীৰ বাবে দুঃখবৰ

দ্য আছাম ভাইব

তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অনুৰাগীৰ বাবে দুঃখবৰ। আগন্তুক আই পি এল মেচত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে নেখেলাৰ সম্ভাৱনাই অধিক। দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজৰ মেচখনত দুয়োগৰাকী ক্ৰিকেটাৰকে ডাগ আউটত দেখিবলৈ পোৱা গৈছিল।

আৰ চি বিৰ ২৪১ ৰানৰ বিশাল লক্ষ্য আগত লৈ ক্ৰিজত নমা মুম্বাই ইণ্ডিয়ানছৰ পাৱাৰ প্লেৰ অন্তিমটো অভাৰত ৰিটায়াৰ্ড হাৰ্ট হৈ ক্ৰিজ এৰিবলগীয়া হয়। ১৩ টা বলত ১৯ ৰান সংগ্ৰহ কৰাৰ সময়তে ক্ৰিজ এৰে ৰোহিত শৰ্মাই। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে ৰোহিত শৰ্মাই আধাতে ক্ৰিজ এৰিবলগীয়া হোৱা বুলি চৰ্চা চলিছে। যদি সেয়াই হয়, তেন্তে অহা কেইবাখনো মেচৰ পৰা আঁতৰি থাকিব পাৰে ৰোহিত শৰ্মা।

একেদৰে, দেওবাৰে মেচখনত ফিল্ডিং আধাতে সামৰি ডাগ আউটত দেখিবলৈ পোৱা গৈছিল বিৰাট কোহলিকো। বিৰাট কোহলিও আঘাতৰ সমস্যাৰে যুঁজি থকা বুলি জানিব পৰা গৈছে। অৱশ্যে তাৰকা ক্ৰিকেটাৰগৰাকীৰ আঘাত কিমান গুৰুতৰ সেয়া স্পষ্ট হোৱা নাই। যদি দেওবাৰে সন্মুখীন হোৱা আঘাতৰ সমস্যাৰ পৰা কোহলিয়ে শীঘ্ৰেই মুক্তি নাপায়, তেন্তে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰে হ’বলগীয়া মেচখনত নেখেলিব পাৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *