আন্তঃৰাষ্ট্ৰীয়

সীমা শুল্ক, নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ ভাৰতবিৰোধী স্থিতি

দ্য আছাম লাইভ

প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই চৰ্চিত হৈছিল নেপালৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহ। জেন–জিৰ সংস্কাৰমুখী আন্দোলনৰ ফলত নেপালৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল বলেন্দ্ৰ শ্বাহ। শাসনত অধিষ্ঠিত হৈয়েই শ্বাহে গ্ৰহণ কৰা সংস্কাৰমুখী সিদ্ধান্তৰ কথা ভাৰততো বিশেষভাৱে চৰ্চিত হৈছে। কিন্তু ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰা সেইগৰাকী বলেন্দ্ৰ শ্বাহে এতিয়া গ্ৰহণ কৰিলে ভাৰতবিৰোধী স্থিতি।

এতিয়াৰে পৰা নেপালত প্ৰৱেশ কৰা ১০০ টকাৰ অধিক মূল্যৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা হৈছে বৃহৎ কৰ। ভাৰতীয় সামগ্ৰীৰ ওপৰত নেপাল চৰকাৰে আৰোপ কৰিলে সীমা শুল্ক। চুবুৰীয়া ৰাষ্ট্র নেপালৰ সৈতে ভাৰতৰ আছে দীৰ্ঘদিনীয়া বাণিজ্যিক সম্পৰ্ক, যাৰ বাবে দুয়োখন ৰাষ্ট্রৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিনে চলি আহিছে মুক্ত বাণিজ্য। সেই অনুসৰি ভাৰতীয় সামগ্ৰী ক্ৰয় কৰি নেপাললৈ আমদানি কৰাৰ ক্ষেত্ৰত পূৰ্বে কোনো কৰ প্ৰদান কৰিবলগীয়া হোৱা নাছিল নেপালী নাগৰিকে। কিন্তু এতিয়া ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা হ’ল কৰ।

অৱশ্যে বলেন্দ্ৰ শ্বাহৰ এনে সিদ্ধান্তই চুবুৰীয়া দেশখনত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। এই সিদ্ধান্তৰ বিৰুদ্ধে নেপালত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। ভাৰত–নেপালৰ সীমান্তৱৰ্তী চহৰ বীৰগঞ্জত একাংশই সাব্যস্ত কৰে চৰকাৰ বিৰোধী প্ৰতিবাদ। ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা সীমা শুল্কৰ সিদ্ধান্তক মানি লোৱা নাই। কিয়নো এই সিদ্ধান্তৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব এইসকল ক্ষুদ্ৰ ব্যৱসায়ী। যাৰ বাবে নতুন চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *