বংগত অমিত শ্বাহৰ এক মন্তব্যই ডুবাব নেকি বিজেপিক?
দ্য আছাম ভাইব
এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ মুখৰ ভাষা এনে হোৱা উচিত নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক মন্তব্যই সম্প্ৰতি তোলপাৰ লগাইছে বংগ। জমসভাত অংশ লৈ মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ অমিত শ্বাহে ক’লে ‘এই দিদি, কাণ খুলি শুনি লোৱা’। বংগত বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ নিদিও।’
মমতা বেনাৰ্জীক এই দিদি বুলি কৰা মন্তব্যক সহজভাৱে লোৱা নাই বংগৰ জনতাই। সম্প্ৰতি এই মন্তব্যক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ২০২১চনৰ নিৰ্বাচনী জনসভাত অনুৰূপ ধৰণে মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইবাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ সেই বিশেষ মন্তব্যই ৰাজ্যখনত ক্ষতিগ্ৰস্ত কৰিছিল ভাৰতীয় জনতা পাৰ্টীক। এইবাৰো অমিত শ্বাহৰ মমতা বেনাৰ্জীক উদ্দেশ্যি কৰা মন্তব্যই দলটোক ক্ষতিগ্ৰস্ত কৰিব বুলি ধাৰণা কৰা হৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যৰ পাছতে বিজেপিক উভতি ধৰিছে তৃণমূল কংগ্ৰেছে। এই বিশেষ মন্তব্যক নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈছে তৃণমূলে। অমিত শ্বাহক গুণ্ডা আখ্যাৰে তীক্ষ্ণ সমালোচনা সাংসদ মহুৱা মৈত্ৰৰ।
ভোটগ্ৰহণৰ ঠিক এদিন পূৰ্বে অমিত শ্বাহৰ মন্তব্যই তোলপাৰ লগাইছে বংগৰ ৰাজনীতি। এই মন্তব্যক বংগত বিজেপিক ক্ষতি কৰিব নেকি তাক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা।


https://shorturl.fm/L2ItC