কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেল
দ্য আছাম ভাইব: মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বিদেশৰ পাছপৰ্ট আৰু বিশাল পৰিমাণৰ সম্পত্তিক লৈ কংগ্ৰেছে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিপৰীতে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এটা এটা অভিযোগ খণ্ডন কৰি ইয়াক দলটোৰ নিকৃষ্ট ষড়যন্ত্ৰ আখ্যা দিয়ে। পাকিস্তানৰ পৰা এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এটা পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰমানে অসমৰ ফলাফলত প্ৰভাৱ পেলোৱাৰ বাবে পাকিস্তান সাজু হৈ আছে। এটা পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপৰ পৰা এয়া নিয়ন্ত্ৰণ হৈ আছে।
UAEৰ পাছপৰ্টখন তিপু চুলতান নামৰ এগৰাকী ব্যক্তিৰ বুলি উল্লেখ কৰি তেঁও কয় যে, ২৮ মাৰ্চত এই পাছপোৰ্টখন হেৰুওৱা বুলি টিপু চুলতান বুলি এজন লোকে আপলোড কৰিছিল। ইপিনে, ইজিপ্তৰ পাছপ’ৰ্টখন নিহাদ ইব্ৰাহিম আল চৈয়দ নামৰ এগৰাকী মহিলাৰ বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।
আমেৰিকাত কংগ্ৰেছে কোম্পানী থকা বুলি কৰা অভিযোগ সন্দৰ্ভত তেঁও কয় যে, কংগ্ৰেছে কালিহে এই কোম্পানীটো খুলিছে। ২০ হাজাৰ টকা দিলে যিকোনো মানুহে এনে কোম্পানী খুলিব পাৰে। ফোন নম্বৰ আৰু মেইল আই ডি হ’লেই হ’ল।
গৌৰৱ গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেঁও কয় যে, মোৰ এইটোৱে বেয়া লাগিছে। তৰুণ গগৈৰ ল’ৰা, ইমান তললৈ যাব নালাগে। সংবাদমেলত কংগ্ৰেছ নেতা পৱন খেৰাক ফাল্টু মানুহ বুলি উল্লেখ কৰি তেওঁৰ শেষ ঠিকনা অসমৰ জেইল হব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

