Uncategorized

মুখ্যমন্ত্ৰী আৰু পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ


দ্য আছাম ভাইব: নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা দিন থকা অৱস্থাত অসমৰ ৰাজনীতিত ভূমিকম্প। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বিদেশৰ ৫ খনকৈ পাছপৰ্ট থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। আজি নতুন দিল্লীৰ লগতে গুৱাহাটীত অনুষ্ঠিত দুখন সংবাদমেলত এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। নতুন দিল্লীৰ সংবাদমেলৰ আজি পুনৰ গুৱাহাটীত আন এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰা, চতীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এটাৰ পাছত আনটো ভয়ংকৰ অভিযোগ উত্থাপন কৰে। আমেৰিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী ৰিনিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিলৰ নামত কোম্পানী থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। এই কোম্পানীৰ মূল্য প্ৰায় ৫২ হাজাৰ কোটি টকা বুলি সংবাদমেলত অভিযোগ কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা পৱন খেৰাই। ইয়াৰ লগতে ডুবাইত ৰণিকি ভূঞা শৰ্মাৰ নামত সম্পত্তি থকা বুলিও কংগ্ৰেছে অভিযোগ উত্থাপন কৰে। এই সম্পত্তিৰ কথা নিৰ্বাচনী শপতনামাত উল্লেখ নকৰাক লৈ প্ৰশ্ন কংগ্ৰেছৰ। দেশৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দি সৰৱ হৈ পৰিল কংগ্ৰেছে নেতৃত্ব।


ইপিনে এনে অভিযোগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী ৰিনিকী ভূঞা শৰ্মাই ভিত্তিহীন আখ্যা দিছে। এ আই ব্যৱহাৰ কৰি কংগ্ৰেছে সংবাদমেলত ভুৱা পাছপৰ্ট দেখুওৱা বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *