ইৰাণত মোল্লাতন্ত্ৰৰ বিৰুদ্ধে জেন জিৰ ভয়ংকৰ বিদ্ৰোহ, নিহত ৭
হিজাব বিৰোধী আন্দোলনৰ পাছতে পুনৰ উত্তাল হৈ পৰিছে ইৰাণ। ইৰানত মোল্লাতন্ত্ৰৰ বিৰুদ্ধে জেন জিৰ ভয়ংকৰ বিদ্ৰোহ। দেশখনৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেইৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে জনতা। দেশখনৰ বিভিন্ন স্থানলৈ বিয়পি পৰা আন্দোলনলৈছে ভয়ংকৰ ৰূপ। নিৰাপত্তাৰক্ষীৰে প্ৰতিবাদীৰ সংঘৰ্ষত যোৱা দুটা দিনত নিহত হৈছে ৭ বিক্ষোভকাৰী। যোৱা বৰ্ষৰ ২৭ ডিচেম্বৰত ইৰানত আৰম্ভ হৈছিল চৰকাৰবিৰোধী গণবিদ্ৰোহ। ইৰানী মুদ্ৰা ৰিয়ালৰ মূল্যৰ অৱনতি, মূল্যবৃদ্ধি, মুদ্ৰাস্ফিতি আদিক লৈ অতিষ্ঠ হৈ পৰিছে ইৰাণৰ জনতা।
ইৰানত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৭২ শতাংশপৰ্যন্ত বৃদ্ধি হোৱাৰ লগতে জীৱনদায়িনী ঔষধৰ দামো ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। এনে পৰিস্থিতিত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেইৰ বিৰুদ্ধে বৃদ্ধি পাইছে অসন্তুষ্টি। ইৰানত ইয়াৰ পূৰ্বেও হিজাববিৰোধী আন্দোলনে লৈছিল ভয়ংকৰ ৰূপ। ২০২২ চনত মেহছা আমিনি নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ পাছতে দেশখনত সাব্যস্ত হৈছিল ব্যাপক প্ৰতিবাদ। এই প্ৰতিবাদত নিহত হৈছিল ৫ শতাধিক আন্দোলনকাৰী। প্ৰায় দুবছৰ ধৰি অব্যাহত থকা হিজাববিৰোধী প্ৰতিবাদৰ পাছত এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ নাগৰিক।

