FeaturedTrending

শীত প্ৰবাহৰ কৱলত সমগ্ৰ দেশ, অসমত ৭ ডিগ্ৰী চেলচিয়াছ হৈছেগৈ তাপমাত্ৰা

সমগ্ৰ দেশতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শীত প্ৰবাহে। ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ধৰিছে আকাশ। ৰাজধানী দিল্লীত শীত প্ৰবাহৰ লগতে প্ৰদূষণে বিপৰ্যস্ত কৰি তুলিছে জন জীৱন। দিল্লীত দেওবাৰে AQI য়ে স্পৰ্শ কৰিলে ৪০০ৰ সীমা। ঘন কুঁৱলীৰ ফলত হ্ৰাস পোৱা দৃশ্যমানতাৰ বাবে বাতিল হৈছে ১২৮ খন বিমানৰ যাত্ৰা। দিল্লীত অ’ৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সলনি কৰা হৈছে ৮ খনকৈ বিমানৰ যাত্ৰা পথ। উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণী পৰ্যন্ত বিদ্যালয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ ১৮খন জিলাত শূন্য দৃশ্যমানতাৰ তথ্য প্ৰকাশ কৰিছে।

ঝাৰখণ্ডৰ ৭খন জিলাত শীত প্ৰৱাহৰ বাবে য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদি ৰাজ্যতো শীত প্ৰৱাহৰ ফলত বাধাগ্ৰস্ত হৈছে জনজীৱন। জম্মু–কাশ্মীৰ, বিহাৰ, ঝাৰখণ্ড, চত্তীশগড়, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ তাপমাত্ৰা ২ জানুৱাৰীলৈ নিম্নগামী হৈ থাকিব বুলি প্ৰকাশ পাইছে বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনত। পঞ্জাৱত ৩১ ডিচেম্বৰৰ পৰা বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। অসমৰ কোনো কোনো ঠাইত সোমবাৰৰ দিনটোত সৰ্বনিম্ন তাপমাত্ৰা হৈছেগৈ ৭ ডিগ্ৰী চেলচিয়াছ। গুৱাহাটীত আজিৰ দিনটোৰ তাপমাত্ৰা আছিল ১৭ ডিগ্ৰী চেলচিয়াছ। যোৰহাটত আজিৰ দিনটোৰ তাপমাত্ৰা ২১ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে গোৱালপাৰাত দিনটোৰ তাপমাত্ৰা আছিল ১৪.২ ডিগ্ৰী চেলচিয়াছ। শিলচৰত আজিৰ দিনটোৰ তাপমাত্ৰা ২৪ ডিগ্ৰী হোৱাৰ বিপৰীতে লক্ষীমপুৰত তাপমাত্ৰা আছিল ২২ ডিগ্ৰী চেলচিয়াছ। আগন্তুক দিনকেইটাতো অসমত বতৰ অপৰিৱৰ্তিত হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *