FeaturedPoliticsTrending

আজিও বাংলাদেশলৈ ঘুৰি অহা নাই শান্তিৰ বাতাৱৰণ

আজিও বাংলাদেশলৈ ঘুৰি অহা নাই শান্তিৰ বাতাৱৰণ। ইউনুছ চৰকাৰৰ শাসনত সংঘটিত হৈছে এটাৰ পিছত আনটো হিংসাত্মক ঘটনা। চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে বাংলাদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বাংলাদেশৰ ৰাজপথত বিক্ষোভকাৰীয়ে হত্যা কৰি জ্বলাই দিছিল দীপু চন্দ্ৰ দাস নামৰ এজন শ্ৰমিকক। বাংলাদেশী হিন্দু যুৱকজনৰ হত্যাকাণ্ডই জোঁকাৰি গৈছে ভাৰতকো। বাংলাদেশী হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত অসমৰ বিভিন্ন ঠাইত দল-সংগঠন সাব্যস্ত কৰিছে প্ৰতিবাদ। ভাৰত চৰকাৰক কুটনৈতিক হেঁচা প্ৰয়োগৰ বাবে দাবী উত্থাপন কৰিছে দল সংগঠনে।

বাংলাদেশত সংখ্যালঘু নিৰ্যাতনৰ বিৰুদ্ধে অসমৰ ধুবুৰী, জাগীৰোড, মায়ং, ঢেকিয়াজুলিত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে। হাইলাকান্দিত ABVPয়ে ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰৰ দ্বাৰকুছিত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে। বজৰংগ দলৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ পৰে শিলচৰ। শতাধিক বজৰংগ দলৰ কৰ্মীয়ে বাংলাদেশত দীৰ্ঘদিন ধৰি সংখ্যালঘু হিন্দুৰ ওপৰত চলি অহা নিৰ্যাতনৰ বিৰুদ্ধে ভাৰত চৰকাৰক হস্তক্ষেপ কৰাৰ দাবী জনায়। শ্ৰীভূমিত বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে NSUIয়ে। বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *