Trendingবিনোদন

বক্স অফিচত আন এক সাফল্য ‘ধুৰন্ধৰ’ৰ

চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰৰ পৰিচালনত মুক্তি লাভ কৰা ছবি ধুৰন্ধৰে সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ নিৰ্মাতাই প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় বক্স অফিচত ছবিখনে এইপৰ্যন্ত ৮৩১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে ৩৩ দিনৰ উপাৰ্জনৰ পৰিমাণ ৫.৭০ কোটি টকা হোৱাৰ লগে লগে ৰণবীৰ সিং অভিনীত ছবিখনে ভাৰতত মুঠ ৮৩১.৪০ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ লগে লগে ধুৰন্ধৰে এতিয়ালৈ মুক্তি পোৱা সকলো হিন্দী ছবিৰ ভিতৰত শীৰ্ষস্থান দখল কৰে। এই সন্দৰ্ভত ছবিখনৰ নিৰ্মাতাই এক আনুষ্ঠানিক বিবৃতিত কয় যে, ‘ইতিহাসৰ পুনৰ লিখন হৈছে। ধুৰন্ধৰৰ সাফল্যই ভাৰতীয় বক্স অফিচৰ সাফল্যক নতুন ৰূপত তুলি ধৰিলে।’

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুলৰ নামত। আন আন সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবিসমূহৰ ভিতৰত আছে ৬৪৩ কোটি টকা উপাৰ্জন কৰা শ্বাহৰুখ খান অভিনীত জৱান আৰু ৬২৭ কোটি টকা সংগ্ৰহ কৰা হ’ৰৰ-কমেডী ষ্ট্ৰী ২।

Leave a Reply

Your email address will not be published. Required fields are marked *