FeaturedPoliticsTrending

নিৰ্বাচনৰ পূৰ্বে অসমবাসীক প্ৰকল্পৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিৰ্বাচনৰ পূৰ্বে অসমবাসীলৈ কেইবাটাও প্ৰকল্প উদ্বোধনৰে উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে শনিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে। উক্ত অনুষ্ঠানত উপস্থিত আছিল আদানি গ্ৰুপৰ গৌতম আদানি। ইয়াৰ পাছতে দেওবাৰে তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত চৰাইদেউ নামৰ জাহাজত উঠি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ বিভিন্ন স্থানৰ ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰীক্ষা পে চৰ্চাৰ পাছত প্ৰধানমন্ত্ৰী মোদী ৰাওনা হয় মহানগৰীৰ বৰাগাঁৱলৈ। বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৮৬০গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শ্বহীদ স্মাৰকত ২০গৰাকী মহিলা কণ্ঠশিল্পীয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত ‘শ্বহীদ প্ৰণামো তোমাক’। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নামৰূপত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া–ইউৰিয়া সাৰ প্ৰকল্পৰ শিলান্যাস কৰে মোদীয়ে। ছুইচ টিপি প্ৰকল্পটোৰ শিলান্যাস কৰে মোদীয়ে। নামৰূপৰ নতুন এম’নিয়া ইউৰিয়া সাৰ প্ৰকল্প নিৰ্মাণ হ’ব ১০ হাজাৰ ৬০০ কোটি টকা ব্যয়সাপেক্ষে। এম’নিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ শিলন্যাস কৰি নামৰূপৰ হাপজান পথাৰৰ বিশাল জনসভাত ভাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। বিশাল জনসভাত অসমীয়াত আৰম্ভ কৰে নিজৰ ভাষণ। চ্যুকাফা, লাচিত বৰফুকন, সতী সাধনী, সৰ্বানন্দ সিংহ, কুশল কোঁৱৰ, ভীমবৰ দেউৰী, ইন্দিৰা মিৰিক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *