Editor's PickFeaturedPolitics

কাৰাগাৰত বন্দী বিজ্ঞানী, পেৰলত মুকলি আকাশৰ তলত ধৰ্ষণকাৰী ভণ্ড বাবা

সম্প্ৰতি এখন ভাৰতৰে দুটা দৃশ্যই স্তম্ভিত কৰি তুলিছে দেশবাসীক। অলপতে পুনৰ পেৰলত মুক্তি লাভ কৰিলে ডেৰা চচ্ছা চৌদাৰ গুৰমিত ৰাম ৰহিম সিঙে। ৪০ দিনৰ পেৰলত মুক্তি লাভ কৰি হাৰিয়ানাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল ৰাম ৰহিম। এই পৰ্যন্ত ৮ বছৰত ৪০৫ দিন পেৰলত কাৰাগাৰৰ বাহিৰতেই কটাইছে ভণ্ড ধৰ্ম গুৰু ৰাম ৰহিমে। দুগৰাকী শিষ্যক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত গুৰমিত ৰাম ৰহিম সিং। শিষ্যক ধৰ্ষণৰ অভিযোগত ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত এইগৰাকী ভণ্ড ধৰ্মগুৰু। ইয়াৰ লগতে দুজন ভক্তক হত্যাৰ গোচৰতো অভিযুক্ত ৰাম ৰহিম। কিন্তু সঘনে পেৰলত মুক্তি লাভ কৰি সংবাদ মাধ্যমৰ চৰ্চাত থাকে ভণ্ড ধৰ্মগুৰু ৰাম ৰহিম।

ইয়াৰ মাজতে দেশৰ প্ৰখ্যাত বিজ্ঞানী তথা পৰিৱেশকৰ্মী ছোনম ৱাংছুকে ১০০ৰো অধিক সময় কাৰাগাৰত কটাবলগীয়া হোৱা কথাই দেশৰ সচেতন নাগৰিকৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। এফালে দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী মুকলি আকাশৰ তলত কটাইছে আনফালে, ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰৰ অন্ধ কুঠৰীত দিন কটাবলগীয়া হৈছে বিজ্ঞানী তথা পৰিৱেশ কৰ্মী ছোনম ৱাংছুকে। লাডাখবাসীৰ স্বাৰ্থৰ বাবে মাত মতাই কাল হ’ল সোনম ৱাংছুকৰ। এগৰাকী বিজ্ঞানী তথা পৰিৱেশ কৰ্মী হিচাপে বিশ্ববাসীৰ মাজত পৰিচিত ৱাংছুক। এসময়ত যি মোদী চৰকাৰে ৱাংছুকক সন্মান জনাইছিল সেই চৰকাৰেই এতিয়া ৱাংছুকৰ ওপৰত জাঁপি দিছে দেশদ্ৰোহিতাৰ গোচৰ। পূৰ্ণ ৰাজ্যৰ মৰ্যাদা তথা লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল সোনম ৱাংছুকে। সোনম ৱাংছুকৰ নেতৃত্বত লাডাখত আৰম্ভ হৈছিল মোদী চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ। জনতাৰ আন্দোলনক নেতৃত্ব দিয়াই কাল হ’ল সোনম ৱাংছুকৰ বাবে। সোনম ৱাংছুকৰ বিৰুদ্ধে ৰুজু হ’ল ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ। যি গোচৰত সহজে মুকলি আকাশৰ তললৈ অহাৰ বাট ৰুদ্ধ হৈ পৰিল। এফালে ৰাম ৰহিমৰ সঘন পেৰল আনফালে এগৰাকী বিজ্ঞানী কাৰাগাৰৰ পৰা সহজে ওলাব নোৱাৰাকৈ জাপি দিয়া আইন। এই দুই কথাই উন্মোচিত কৰিছে ভাৰতৰ দুখন বিপৰীত ছবি।

Leave a Reply

Your email address will not be published. Required fields are marked *