কানাডাত প্ৰৱাসী ভাৰতীয়ৰ বিপদঘণ্টা, বান্ধিব লাগিব টালি-টোপোলা
কানাডাত প্ৰৱাসী ভাৰতীয়লৈ নামি আহিছে গভীৰ সংকট। প্ৰৱাসী ভাৰতীয়ই যিকোনো সময়তে এৰিবলগীয়া হ’ব কানাডা। ৱৰ্ক ভিছাৰ ম্যাদ শেষ হ’লেই একাংশ ভাৰতীয় লোকে এৰিব লাগিব কানাডা। কানাডা চৰকাৰৰ নতুন প্ৰব্ৰজন নীতিৰ বাবেই বিপদত পৰিছে দেশখনত বাস কৰি থকা একাংশ ভাৰতীয় মূলৰ লোক। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ভিছাৰ ম্যাদ শেষ হ’লেই টালি-টোপোলা বান্ধিব লাগিব ভাৰতীয়সকলে। অৱশ্যে নীতিগতভাৱে দেশখনত বাস কৰি থকা লোকসকলৰ বাবে এতিয়াও আছে দেশখনত থকাৰ সুবিধা। যিসকলে দেশখনত নিগাজিকৈ বাস কৰিবলৈ ইচ্ছুক তেওঁলোকেও নীতিগতভাৱে আৱেদন কৰিব পাৰিব দেশখনৰ নাগৰিকত্ব। লক্ষণীয়ভাৱে দেশখনত কেইবালাখ প্ৰৱাসী ভাৰতীয়ই অবৈধভাৱে বাস কৰি আহিছে। নতুন প্ৰব্ৰজন নীতিৰ ফলত এইসকল পৰ্যাপ্ত নথি অবিহনে বাস কৰি থকা লোকসকল বিপদত পৰিব।
নতুন নিয়ম বলৱৎ হোৱাৰ পাছত ২০২৫ৰ ৩১ ডিচেম্বৰত কানাডাত ভিছাৰ ম্যাদ অন্ত পৰে ১০ লক্ষাধিক প্ৰৱাসী ভাৰতীয়ৰ। একেদৰে, ২০২৬ চনতো অন্ত পৰিব ৯ লাখ ২৭ হাজাৰ ভাৰতীয় লোকৰ ভিজাৰ ম্যাদ। এই সময়ছোৱাত কানাডাত নাগৰিকত্বৰ লিগেল ষ্টেটাছ হেৰুৱাব ২০ লাখ বিদেশী লোকে। ২০২৫ৰ অন্তিম দিনটোত কানাডাই বন্ধ কৰিলে ষ্টাৰ্ট-আপ ভিছা। এনে পৰিস্থিতিত কানাডাত থাকিবলৈ প্ৰৱাসীসকলৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিল নতুন ভিছা। কানাডাৰ এনে কঠোৰ সংৰক্ষণ নীতিৰ বাবে সংকটৰ সন্মুখীন হ’ব ভাৰতীয় শিক্ষাৰ্থীসকলো। কানাডাত কেইবা হাজাৰ ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। শেহতীয়াকৈ, একাংশ শিক্ষাৰ্থীৰ ষ্টাডী পাৰ্মিটৰ ম্যাদো উকলিছে। কিন্তু নতুন নিয়মৰ বাবে এতিয়া পাৰ্মিটৰ অনুমতি বিচাৰি আবেদন জনাই নিৰাশ হ’বলগীয়া হৈছে হাজাৰ হাজাৰ শিক্ষাৰ্থী। কিয়নো এইসকল শিক্ষাৰ্থীৰ আবেদন নাকচ কৰিছে কানাডা চৰকাৰে। পৰ্যাপ্ত নথি-পত্ৰ জমা দিব নোৱাৰিলে এইসকল শিক্ষাৰ্থীয়ে এৰিব লাগিব কানাডা।

