মুখ্যমন্ত্ৰীৰ পত্নীৰ দখলত ১২ হাজাৰ বিঘা মাটি: যোৰহাটত সৰৱ গৌৰৱ
দ্য অসম ভাইবৰ প্ৰতিবেদন
যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা গৌৰৱ গগৈৰ। চৰকাৰে ভয় ভাবুকিৰে শাসন চলোৱাৰ অভিযোগ APCC সভাপতিগৰাকীৰ। আজিৰ তাৰিখত ৰাজ্যৰ ৰাজনীতি অতি নিম্নস্তৰলৈ গুচি যোৱা বুলি অভিযোগ গৌৰৱ গগৈৰ। গাঁৱে-ভূঞে এতিয়া বৃদ্ধি পাইছে সুৰাৰ দোকান। ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগ্ছৰ বেহা। বিজেপি চৰকাৰৰ দিনত থলুৱা ঠিকাদাৰে কাম নাই পোৱা বুলিও অভিযোগ APCCৰ সভাপতিগৰাকীৰ। বিপৰীতে সকলো সুবিধা মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰাৰ গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পত্নী কেনেকৈ ১২ হাজাৰ বিঘাৰ গৰাকী হ’ল তাক লৈও প্ৰশ্ন গৌৰৱ গগৈৰ। ইয়াৰ লগতে আঁচনি প্ৰদানৰ নামত একাংশ মহিলাক বঞ্চিত কৰাৰ অভিযোগ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। বিজেপিৰ সভালৈ নগ’লে মহিলাই লাভ নকৰে আঁচনিৰ ধন। একপ্ৰকাৰ আঁচনি প্ৰদানৰ নামত মহিলাক বঞ্চনা কৰাৰ অভিযোগ গৌৰৱ গগৈৰ। কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰ আহিলে সভালৈ নোযোৱাকৈ মহিলাৰ একাউণ্টত আঁচনিৰ ধন সোমাব বুলি মন্তব্য গৌৰৱ গগৈৰ।

